Thank you
জীৱনশিল্প . ইন
Jibonshilpo.in

'জীৱনশিল্প.ইন' হৈছে কবিতা, গল্প, ফটোগ্ৰাফী আৰু ব্লগৰ জৰিয়তে জীৱন দৰ্শনৰ অন্বেষণ কৰা এক সৃষ্টিশীল মঞ্চ। আপোনাৰ শিল্পকৰ্ম আমাৰ সৈতে ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰক আৰু নিৰ্বাচিত হোৱা আপোনালোকৰ বিশেষ পোষ্ট সমূহ আমাৰ অফিচিয়েল ৱেবছাইট Jibonshilpo.in-ত স্থায়ীভাৱে প্ৰকাশ পাব।
জীৱনশিল্প.ইনত থাকিব কবিতাৰ সুবাস, গল্পৰ মায়া, ভ্ৰমণ কাহিনীৰ মাদকতা, ফটোগ্ৰাফীৰ নান্দনিকতা, কলা-ডিজাইন, জীৱন-দৰ্শন—আৰু জীৱনৰ সেই নিচেই সৰু সৰু আলফুলীয়া মুহূৰ্তবোৰ, যিবোৰে আমাক প্ৰতিপল মানুহ কৰি ৰাখে ।
"ধুনীয়া হাঁহিবোৰ ধুনীয়া হৈয়ে থাককচোন,
বুকুৰ বেথাবোৰ অকামিলা হৈয়েই থাককচোন৷
ব্যস্ততাৰ পৰা এখুদ সময়
কেৱল নিজৰ বাবেই থাকক ,
দুখৰ পৰাও সুখ বুটলি
বিলাই যাওক জীৱন বাটত ৷
'মোৰ' 'তোমাৰ'বোৰ আঁতৰি
পৃথিৱীখন 'আমাৰ' হৈয়ে থাককচোন !"
আমি প্ৰত্যেকেই জানোঁ, অকলে কেতিয়াও এখন সুন্দৰ সমাজ গঢ়ি তুলিব নোৱাৰি। প্ৰতিজন লগ হৈয়েইতো এই কাম কৰিব লাগিব । মোৰ সপোনৰ "জীৱনশিল্প.ইন" এই সমাজৰ বাবেই গঢ়ি তোলা এক মাধ্যম । আশা ৰাখিলোঁ আপোনালোকেও "জীৱনশিল্প.ইন" মাধ্যমটো আঁকোৱালি ল'ব আৰু সহায় সহযোগিতা আগবঢ়াব ।
