Thank you
About me
"উশাহ লৈ আছো প্ৰতিপল ,
তথাপিও জী উঠিবলৈ
যেন বহু সময় বাকী !"

গুৱাহাটী শিৱসাগৰ নাইট চুপাৰ ৷ যোৰাবাট, জাগীৰোডৰ কাগজ কল, নগাঁও টাউন, জখলাবন্ধা এৰি বাছ গৈ আছে ৷ খিৰিকিৰ কাষৰ ছিট এটাত ১০-১১ বছৰীয়া ল'ৰা এটা ৷ নিশা বহুপৰ হ'ল ৷ তথাপিওঁ পঢ়িবলৈ কিতাপখন মেলি ল'লে ফুট-গধূলিতে টোপনি মৰা ল'ৰাটোৰ চকুত আজি টোপনি নাই৷ এতিয়াও উজ্বল হৈ জিলিকি আছে তাৰ চকু কেইটা৷ তাৰ মনত বিৰাট ফূৰ্তি ৷ এয়া কাকো বুজাব নোৱাৰা আবেগ তাৰ বাবে !
আৰু কোনেও হয়তো চেষ্টাও কৰা নাই বুজিবলৈ ! তাৰ অভিভাৱক তাৰ লগতেই আছে যদিও তাৰ মনৰ উৎকণ্ঠা, আবেগ, ফূৰ্তি তেওঁলোকে বুজি পোৱা নাই৷ বাটত সি তাৰ সাঁচতীয়া পইচাৰে কিনা মৰ্টনকেইটা পেন্টৰ পকেটটোত খেপিয়াই চায় ৷ আছে ৷ কিন্তু খোৱাৰ হেঁপাহ নাজাগে তাৰ ! তাৰ হেঁপাহ এৰি অহা পাহাৰৰ এঁকা বেঁকা বাটটোত, জোনাকী পৰুৱা তিৰবিৰাই থকা বহল পথাৰ খনত, ইখনৰ পিছত সিখনকৈ পাৰ হৈ অহা দলংকেইখনত৷ বাছখনৰ লগে লগে দৌৰ মৰা জোনবাইটো চাই চাই সি আপোনবিভোৰ হৈ পৰে ৷ বিশাল গছৰ আঁৰত মাজে মাজে হেৰাই যায় জোনবাই !
নিজৰ ছন্দত আগবঢ়া বাছখনত সকলোবোৰেই টোপনিয়াইছে , আকৌ সাৰ পাইছে, আকৌ শুইছে ৷ কেৱল ল'ৰাটো টোপনি যোৱা নাই, এবাৰলৈও! সি আকাশখনলৈ চাইছে, আগৰ পিছৰ গাড়ীৰ পোহৰত যিমান দূৰলৈ দেখিছে সিমান দূৰলৈ চাইছে ৷ ধিমিক-ধামাক পোহৰৰ ঘৰবোৰত কোননো আছে তাৰ জানিব মন যায় ৷ ভাল লগা গান বাজি থকা হোটেল-দোকানবোৰত তাৰ অকন ৰৈ দিব মন যায় ৷ বুঢ়া পাহাৰৰ ওচৰৰ হাবিখন দেখিলে তাৰ মৌগলি বা টাৰ্জান হৈ যাব মন যায়৷ যান্ত্ৰিকতাতকৈ সি সেউজীয়া ভাল পায় ৷ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি ভাল পায় ৷
হয়, মই আজিও সলনি হোৱা নাই! পাহাৰ-পৰ্বতৰ মাজত এতিয়াও মই নিজকে হেৰুৱাই ভাল পাওঁ ৷ সুবিধা পালেই চৰাই চিৰিকতি বনৰীয়া জীৱ-জন্তুৰ ফটো তুলি ভালপাওঁ৷ হাবিয়ে বননিয়ে সোমালে এতিয়াও মোৰ টাৰ্জান মৌগলী হ'ব মন যায় .....!

কৰা নকৰাখিনিৰ যোগ বিয়োগৰ শেষত যি থাকি যাব, সেয়াই হয়তো জীৱন !