Thank you

ি~

কবিতা

design

সন্ধিয়াটোৱে শুহা মাৰি

লৈ গ'ল পোহৰকণ-

বেলি মাৰ গ'ল ৷

ক'ত পৰোঁ ক'ত পৰোঁ

বৰষুণজাকো সৰি পৰিল ৷


বতাহৰ চেৱে চেৱে নচা

হাজাৰ ধূলিকণাৰ স্বপ্নভংগ !


ক'ৰবাত এহাল ফেঁচাই কুৰুলিয়ায়,

জয়াল নিশাটোৰ আয়ুস তুতে ৷

দৰদী গীত জুৰি জুৰি

কেতেকীজনীও লুকায় ৷

ধূলিকণাৰ মিনতিত

ডাৱৰ ফালি

আকৌ এচেৰেঙা ৰ'দ ওলায় !


এক পৰিক্ৰমা, সৃষ্টিৰ এক সূত্ৰ !

অস্তিত্বৰ যুঁজত

হয়তো পোহৰ জিকিব

নতুবা এন্ধাৰ৷

আৰু সামগ্ৰিক পৰিঘটনাৰ সাক্ষী হৈ ৰয়

আমাৰ অনুভৱবোৰ৷